Skip to content
loyalties.space
Cart0
Back to the book

Bharat Shelf

পদ্যমালা- প্ৰথম ভাগ

Padmahas Goswami · 1883

পদ্যমালা- প্ৰথম ভাগ - ৱিকিউৎস সমললৈ যাওক মুখ্য মেনু মুখ্য মেনু পাৰ্শ্বদণ্ডলৈ যাওক লুকুৱাওক দিকদৰ্শন বেটুপাত সমাজৰ বাটচ'ৰা কেন্দ্ৰীয় আলোচনা ৱিকিপত্ৰিকা শেহতীয়া সাল-সলনি লেখকৰ তালিকা যিকোনো লেখা যিকোনো লেখক যিকোনো সূচী সহায় প্ৰদৰ্শন বিকল্প সন্ধান কৰক সন্ধান কৰক অৱয়ব দান কৰক একাউণ্ট সৃষ্টি কৰক প্ৰৱেশ ব্যক্তিগত সৰঞ্জাম দান কৰক একাউণ্ট সৃষ্টি কৰক প্ৰৱেশ পদ্যমালা- প্ৰথম ভাগ ভাষা যোগ কৰক লিংক যোগ কৰক পৃষ্ঠা উৎস আলোচনা অসমীয়া পঢ়ক সম্পাদনা ইতিহাস চাওক সঁজুলিসমূহ সঁজুলি পাৰ্শ্বদণ্ডলৈ যাওক লুকুৱাওক কাৰ্যসমূহ পঢ়ক সম্পাদনা ইতিহাস চাওক সাধাৰণ ইয়ালৈ থকা সংযোগসমূহ প্ৰাসংগিক সালসলনিসমূহ ফাইল আপল’ড স্থায়ী সূত্ৰ (লিংক) পৃষ্ঠাটোৰ বিষয়ে তথ্য এই পৃষ্ঠাৰ উদ্ধৃতি দিয়ক সংক্ষিপ্ত ইউআৰএল প্ৰাপ্ত কৰক মুদ্ৰণ/ৰপ্তানী মুদ্ৰণযোগ্য সংস্কৰণ EPUB ডাউনলোড কৰক MOBI ডাউনলোড কৰক PDF ডাউনলোড কৰক আন ফৰমেট আন প্ৰকল্পসমূহত ৱিকিতথ্য আইটেম অৱয়ব পাৰ্শ্বদণ্ডলৈ যাওক লুকুৱাওক ডাউনলোড ৱিকিউৎসৰ পৰা পদ্যমালা- প্ৰথম ভাগ (১৮৮৩) লেখক: পদ্মহাস গোস্বামী 47144পদ্যমালা- প্ৰথম ভাগপদ্মহাস গোস্বামী১৮৮৩ ​ পদ্যমালা। প্ৰথম ভাগ। ৺পদ্মহাস গোস্বামী কৰ্ত্তৃক বিৰচিত আৰু সংগৃহীত। নগাঁও। অষ্টম সংস্কৰণ। কলিকাতা নূতন আৰ্য্য যন্ত্ৰে মুদ্ৰিত। চৈত্ৰ ১৮০৫ শক। ​ প্ৰথম বাৰৰ ভূমিকা। মহামান্য লেপ্টেনেম্ণ্ট গবৰ্ণৰ শ্ৰীযুক্ত কাম্বেল সাহাবৰ অনুগ্ৰহত আমাৰ মাতৃভাষা বিদ্যালয় সকলত পঢ়াবলৈ আজ্ঞা দিছে। কিন্তু পুথি নোহোৱা গতিকে লৰা ছোৱালী বিলাকৰ পঢ়াৰ ক্ষতি হোৱা যেন-দেখি (নথকাৎকৈ বেয়াও ভাল এই ভাবি) নগাঁওৰ নৰ্ম্মাল স্কুলৰ পণ্ডিত যুক্ত দীনবন্ধু তৰ্কালঙ্কাৰ মহাশয়ৰ উৎসাহত এই ক্ষুদ্ৰ পুথিখনি স্কুলত ব্যবহাৰ হবা আশায়ে অসমীয়া ভাষাত ৰচনা কৰা গৈছে। ইয়াত অন্য অন্য কোন লোকৰো জ্ঞানগৰ্ভ পদ্য ৰচনা গ্ৰহণ কৰিছোঁ, আৰু যি সকলৰ পদ্য লোৱা হৈছে, তেঁও বিলাকৰ সংক্ষেপ নাম প্ৰত্যেক পদ্যৰ তলত দিয়া গৈছে। মই তেঁও বিলাকৰ পদ্যৰ কোনো অংশ পৰিবৰ্ত্তন অথবা একেবাৰে পৰিত্যাগ কৰিছোঁ। তাক যেন দয়া গুণে তেঁও বিলাকে মাৰ্জ্জনা কৰিব। যদি ক্ষুদ্ৰ পুথিখনিৰ দ্বাৰাই পাঠাৰ্থী লৰা চোৱালী বিলাকৰ অলপমানো উপকাৰ হয়, তেন্তে সকলো পৰিশ্ৰমৰ দুঃখ সফল বোধ কৰিম, ইতি। নগাঁও। ১৮০০ শক } শ্ৰীপদ্মহাস গোস্বামী। ​ পদ্যমালা। প্ৰথম ভাগ। ঈশ্বৰলৈ সেৱা জনোৱা। ষি জনে কৰিলে এই সংসাৰ সৃজন। যিতো জগতৰ পিতৃ অনাদি কাৰণ॥ যাঁহাৰ কৃপাত পাই দুগোট নয়ন। অপূৰ্ব্ব সংসাৰ এই কৰা দৰশন॥ নাক মুখ অদি কৰি কৰিছে প্ৰদান। তেঁওৰ মঙ্গল কাৰ্য্য কৰিতে সাধন॥ কৃপা কৰি যি জনে দিলন্ত মতি মন॥ নিতান্তে কৰিছে সিবা বিপদে তাৰণ॥ যাঁহাঙ্ক চিন্তিলে মনে দুঃখ লয় হয়। কৰিলে যাঁহাঙ্ক প্ৰেম হয় সুখোদয়॥ ​ সৰ্ব্বকালে অবিদিত একো নাই যাৰ। দয়াৰ সাগৰ যিতো জগত আধাৰ॥ যাঁৰ দয়া অবলম্ব কৰি নৰগণ। সহজে পাৱন্ত সুখে অনন্ত জীবন॥ সৰ্ব্বব্যাপী নিৰ্ব্বিকাৰ সদানন্দ ময়। যোগীগণে ধ্যানে যাঁক ধৰিতে না পায়॥ পরুৱা পাপৰা আদি যত জীবগণ। সতত যি জনে সমে কৰিছে পালন॥ যি জনৰ অনুগ্ৰহে লভিয়া জীবন। সংসাৰত নানা সুখ পোৱা অনুক্ষণ॥ এ হেন প্ৰভুৰ প্ৰতি যুড়ি দুই হাত। অকপট মনে সদা কৰা প্ৰণিপাত॥ বিনয়। আপোনাক আপনি প্ৰশংসে যিতো জন। জ্ঞানী সকলৰ মাঝে নিন্দাৰ ভাজন॥ আপোনাক জানে যিতো কৰিয়া সামান্য। সভ্য সমাজত হয় সেই অগ্ৰগণ্য॥ যি জনে বিনীত ভাবে কৰে ব্যবহাৰ। সমাদৰ পায় সিতো আগত সবাৰ॥ ​ সদগুণৰ শোভাকৰ হোৱন্ত বিনয়। বিনয় ন হলে লোক শোভা ন পাৱয়॥ যদি বা হোৱয় লোক সদগুণপূৰিত। অসামান্য বিদ্যা বুদ্ধি জগতে বিদিত॥ কিন্তু যদি সুবিনয় গুণ না থাকয়। যত বিদ্যা বুদ্ধি সব ঘৃণিত হোৱয়॥ লোকে যদি প্ৰশংসা কৰন্ত সুবিহিত। তথাপি বিনীত হোৱা নিতান্ত উচিত॥ সৰ্ব্বগুণ চূড়ামণি বিনয় ভূষণ। পৰিধান কৰি কৰা সাৰ্থক জীবন॥ ⸻ মাতৃস্নেহ। আহা! কি অপূৰ্ব্ব স্নেহ, জননীৰ অন্তৰত, বৰ্ণিবাক কাৰ সাধ্য আছে সংসাৰত। মাতৃয়ে অসীম স্নেহ, প্ৰচাৰন্ত অনুক্ষণ, দেখা কি না উপকাৰ হয় সংসাৰত॥ মাতৃয়ে পুত্ৰৰ হেতু, কত যে যন্ত্ৰণা সহে, দশ মাস দশ দিন জঠৰত ধৰি। যদি লৰা প্ৰসবিলে, মাকে তাৰ হেতু সদ', অমৃত সমান স্তন দেন্ত মুখ ভৰি॥ ​ কত যে আখতি কৰে, তাকো সহি মৰমত, সৰ্ব্বদা সুখত ৰাখে কৰিয়া যতন। লৰাৰ বয়স যদি, সম্বৎসৰ যায় ভৰি, তিলেক ছাড়িতে তাক নোৱাৰে তেখন॥ টালিভুলি কৰি যেবে, কন্ত আধাফুটা কথা, আনন্দে ভৰিয়া যায মাতৃৰ হৃদয। পুত্ৰৰ কাচিত যদি, হয় জ্বৰ নৰিযাদি, দিনে ৰাতি পৰ দিযা যতন কৰয়॥ যি পৰ্য্যন্ত সেই ৰোগ, এড়িযা পুত্ৰৰ দেহ, নেযাৱন্ত নাই সুখ মাতৃৰ মনত। কিবা ভাত কিবা পাণি নাহি একো সুখশান্তি, ওজা বেজ বিচাৰিয়া থাকন্ত সতত॥ পুত্ৰৎ কৈয়ো মাতৃৰেসে, দুঃখ হয় মহাঘোৰ, বৰ্ণিবাক ন পাৰন্ত বুদ্ধিমান জন। যতন কৰিয়া তাক, পাঠালয়ে পঠাৱন্ত, পঞ্চম বৎসৰ তাৰ হোৱয যেখন॥ নিরূপিত সময়ত, পুত্ৰ যদি নাসিলন্ত, স্কুলৰ পৰা—কোন কাৰণ বশত। ​ তেতিয়া মাতৃয়ে দুঃখে, দেখন্ত বাটৰ ফালে, নেদেখিলে পুনু মগ্ন হোৱয় দুঃখত॥ আহোতে পুত্ৰৰ যদি, দেখন্ত মুখৰ বান, আছঁলে মুছিয়া কৰে মুখক চুম্বন। অতি মৰমেৰে পাছে, জলপান কৰাৱন্ত, নিজ সন্নিধানে ৰাখে প্ৰিয় পুত্ৰ ধন॥ এক পাঠি মুখে বলি, শুনে পুত্ৰ গঢ়ে ভাল, নিয়মিত সময়ত হয় উপস্থিত। তেতিয়া মাতৃয়ে মনে প্ৰশংসন্ত আপোনাক, পুত্ৰৰ স্বভাবে হৈয়া অতি আহলাদিত॥ যদি কাৰো মুখে শুনে, লৰাৰ কুৰীতি কথা, সীমা ন থাকয় তেবে মাতৃৰ দুঃখৰ। সেই ৰীতি দূৰহেতু, কত যে যতন কৰে, কতবাৰ কৰে তাঙ্ক কত তিৰস্কাৰ॥ তথাপিতো পুত্ৰ যদি, নভৈলন্ত শুদ্ধমতি, মাকে কি বিমুখ হয় স্নেহে কদাচিত। কাচিত নোহয় সিতো, মাতৃৰ মনত সম, কুপুত্ৰে সুপুত্ৰে আছে স্নেহ সুবিহিত॥ ​ পুত্ৰ যদি দূৰ দেশে, যান্ত কোন কাৰণত, শৰীৰমাত্ৰক ধৰি থাকন্ত কেবল। পত্ৰ বা লোকৰ মুখে,লৰাৰ শুভবাতৰি, শুনিবাক হয় মন অত্যন্ত বিহ্বল॥ যদি অকুশল বাৰ্ত্তা, শুনন্ত লোকৰ মুখে, নিতান্ত হোৱয় মাতা শোকতে আকুল। অস্থিৰ হইয়া চিত্ত, দেখে সব শূন্যময়, মুখৰ আকৃতি হয় যেন বাহি ফুল॥ পুত্ৰৰ কুশল বাৰ্ত্তা, শুনিলে কৰ্ণত তাৰ, আনন্দে লোতক ধাৰা বহিতে থাকয়। আনন্দ সাগৰে মজি, হাততে আকাশ পায়, মনে বাৰম্বাৰ সুখ-সিন্ধু উথলয়॥ এহেন জননী যাঁৰ, বিহীন হোৱন্ত তাৰ, ইজনম হয় মাত্ৰ বৃথায় ধাৰণ। বিদ্যাহীনজন যেনে, লোকত ন পান্ত শোভা, ফলহীনা বৃক্ষ যেনে নোহয় শোভন॥ পতিহীনা তিৰোতাৰ, কিছুমাত্ৰ নাই সুখ, সুখৰ আকৰ হয় জননী বিশেষ। ​ জননী-বিহীন জন, মহাদুঃখী মন্দভাগী, চিৰকাল লাগি দুঃখ পৱন্ত অশেষ॥ এতেকে হে শিশুগণ, মাতৃধন বড় ধন, পৃথিবীতে নাই অন্য মাতৃসম বন। মাত বিনে মিছা সব, সংসাৰ অৰণ্য সম, জানি যত্নে সেৱা কৰা মাতৃৰ চৰণ॥ বাল্যকালে বাধ্য হয়, বাল্যকালে বাধ্য হয়, বৃদ্ধকালে মাতৃক ৰাখিযো সমাদৰে। মাতৃ ঋণ বড় ঋণ, কোনো নাই পৃথিবীত, এক দিবসৰ ঋণ পৰিশোধ কৰে॥ সি জনে পাৰন্ত কিছু, মাতৃৰ ধাৰ সুজিব, সৰ্ব্বকালে থাকে বশম্বদ যেই জন। আরু মৰণৰ পাছে, প্ৰাৰ্থনা পৰমেশ্বৰে, কৰিতে পাৰয যিতো সেই মহাজন॥ ⸻ নীতি কথা। কৃপণ ধনীৰ পৰা দেশৰ কি সুখ। থাকোক্‌ পৰৰ কথা নিজে সহে দুঃখ॥ ​ জীবন মরণ তাৰ উভযে সমান। ইহ পৰ কালে তাৰ নাই গুণগান॥ সুখ নাই যদি মিছা কহন্ত সদাই! সুখ নাই যদি সতী স্ত্ৰীৰ পতি নাই॥ যৌবনত বোগ হলে ন থাকয় সুখ। অৰ্থহীন হলে হয মানীৰ অসুখ॥ ভোগহীন নিৰোগীৰ একো সুখ নাই। সুখ নাই যি তিৰীত মনে প্ৰেম নাই॥ পৰাধীন জীবনত কিবা আছে সুখ। কৃপণৰ সেবা হয় ততোধিক দুঃখ॥ স্বাধীনতা ন থাকয় করিলে চাকৰী। পৰাপক্ষে ন কৰিবা কখন চাকৰী॥ অসুখৰ হেতু বহু বিবাহত হয়। যাৰ আছে ভাবি চাওক হয় কি ন হয়॥ পর-গৃহ-বাসী যিতো হোৱয় সতত। কেতিয়াও সুখ শান্তি না থাকে মনত॥ আনৰ বস্তুক লোভে হৱে অনুক্ষণ। কেবল হোৱন্ত তাৰ দুঃখ অনুক্ষণ॥ বৃদ্ধৰ যুবতী ভাৰ্য্যা দুঃখৰ কাৰণ। এতেকতে জানি শুনি কিবা আচৰণ॥ ​ জগতত বসতি কৰন্ত যত জন। সকলোয়ে হয় এক পিতৃৰ নন্দন॥ পৰস্পৰে ভাই ভনী সম্বন্ধ হোৱয়। সকলোকে প্ৰীতি কৰা উচিত নিশ্চয়॥ সকলোৰে ওচৰত সকলোৰে দোষ। পৰম্পৰে[১] সংশোধিবা পৰস্পৰ দোষ॥ প্ৰকৃত মানুহ কাক বোলে? সদাই মিছা কৈ ফুৰে পৰহিংসা কৰে। ঈশ্বৰলৈ ভয় নাই ধনকে বিচাৰে॥ দুঃখীয়াৰ দুখ দেখি নকৰে যি দুঃখ। দিনে ৰাতি ভাবে কেনে হব নিজ সুখ॥ পৰৰ যন্ত্ৰণা দেখি আনন্দ কৰয়। কদাচিতো নৰ সিতো ন হয় ন হয়॥ ধীৰে ধীৰে খোজ কাঢ়ে মুৰুতি গহীন। অশুচি শুচিৰ কথা বোলে ৰাতি দিন॥ দেখিলে পৰৰ দোষ নয়ন পকাই। সিজনে নিজৰ দোষ কদাপি না চাই॥ ​ মানুহক দিয়ে জ্ঞান আপুনি ন লয়। প্ৰকৃত মানুহ সিতো ন হয় নিশ্চয়॥ চুৰ কৰা পাপ বলি সদা দিয়ে হাক। ছল দেখিলেহে ঠগে যাকে পায় তাক॥ পেটত বিষৰ বাণ মুখত অমৃত। ন হয় প্ৰকৃত লোক সিতো কদাচিত॥ মুখত ধম্মৰ কথা পেটত পাপৰ। মিছা অহঙ্কাৰে কৰে উদৰ ডাঙ্গৰ॥ আনক ঔষধ দিয়ে নিজেই নৰিয়া। বাজত বিলাই ঘৰে একো নাইকিয়া॥ লোকক যন্ত্ৰণা দিয়া নিজে সুখে ৰয়। কদাচিতো লোক সিতো ন হয় ন হয়॥ গুরুনাম ধৰি জ্ঞান শিষ্যক নিদিয়ে। ছলে, বলে, কলে, হ'লে, শিষ্যধন নিযে॥ আপুনি পাপৰ ৰজা পাপে মতি গতি। আনৰ জগৰ পালে কৰন্ত দুৰ্গতি*[২]॥ ভুলাই শিষ্যৰ জ্ঞান চকু ঢাকি থয়। কেতিয়াও লোক সিতো ন হয় ন হয়॥ ↑ পৰম্পৰ-ইটেসিটে। ↑ দুৰ্গতি-দুৰবস্থা। ​ এই সংসাৰত আহি তেঁওক নেজানে। যি কৰে সকলো সৃষ্টি আছে সৰ্ব্ব থানে॥ যি দিলে মৰম কৰি, ভৰি মুখ হাত। যাৰ মৰমেৰে শুনে দেখে বোলে মাত॥ সি জনক এডি যিতো আন কথা কয়। প্ৰকৃত মানুহ সিতে কদাপি ন হয়। বিঃ। — সৎলোকৰ সৰলতা গুণ এডিব লগা ন হয়। যাৰ হৃদয় সৰল, যাৰ সত্যতা প্ৰবল, কৃতঘ্নৰ কাৰ্য্য তেঁও ন হয় বিকল॥ কোন এটা ঢেকুৰায়* চরুহাড়ী লুৰি খায়, সকলো ন হয় তেনে প্ৰাণ যদি যায়॥ যি পায় উপকাৰ, তাৰ কৰে অপকাৰ, সকলো কামতে হিতে বিপৰীত তাৰ॥ নানা যুক্তি দেখুৱাই, শাস্ত্ৰে কয় ৰিঙ্গিয়াই, কৃতঘ্নৰ তুল্য পাপী ভূমণ্ডলে নাই॥ ​ সেই কৃতঘ্ন জনৰ, চিত্ত অতি শোষকৰ, ঠিক্‌ঠাক্‌ কাটে মরুভূমি পটন্তৰ[১]॥ যত হয় বৰিষণ, শুষি যায় তেতিক্ষণ, সদাই শুকান তাত নাই জলকণ॥ তাত ন জনমে তৃণ, স্বাদু ফল শস্য হীন, মৰীচিকা[২] ভূমে মৃগ ভ্ৰমি অনুদিন॥ ঠিক্‌ তাৰ অনুসাৰ, অকৃতজ্ঞ দুৰাচাৰ, সলাগ ন কৰে যত পায় উপকাৰ॥ শঠে দুৰ্ব্বল সময়, থাকে আলম্বি আশ্ৰয়, পাছে বল বান্ধি কৰে ঘোৰ বিপৰ্য্যয়॥ হেন দুৰ্জ্জন জনাব, সঙ্গ কৰি পৰিষ্কাৰ, সাধুগুণে ধুই চিত্ত কৰা পৰিষ্কাৰ॥ তাত ন হবা বিমন, তাত ন হবা বিমন, ঈশ্বৰৰ প্ৰিয় কাৰ্য্য কৰা অনুক্ষণ॥ যাক কৰা উপকাৰ, তাক নুবুলিবা ধৰি, দুঃখীয়াক কৰা দয়া সাধ্য অনুসাৰ॥ ভাল মন্দ অনুসাৰ, ফল ভোগ হব তাৰ, ৰাপৰ শকতি নাই হাত এড়াইবাৰ॥ ↑ পটন্তৰ-উপমা। ↑ মৰীচিকা -ৰদ পড়িলে বালীত জ্বল ভ্ৰম, মৃগতৃষ্ণা। ​ যাৰ নাই ধান ধন, তাৰ আছে বাক্যধন, তাৰেই পৰৰ হিত কৰিব সাধন॥ যেয়ে তাকো নিবিলাই, নিন্দিফুৰে অকথাই, তাৰ সম নৰাধম পৃথিবীতে নাই। তাৰ নাই মুনিষাই[১] তাৰ নাই মুনিষাই, কৃতজ্ঞতা-ৰসে যাৰ মন তিতা নাই॥ শ্ৰীবঃ। সত্যতা। প্ৰাণপণে সত্য যি পালন্ত সদাই। সুখ্যাতিৰ পাত্ৰ হয় যাই যেই ঠাই॥ যি সব ধাৰ্ম্মিক লোক ধৰ্ম্মক পালয়। ঈশ্বৰৰ প্ৰিয় পুত্ৰ সি সব হোৱয়॥ সত্যক পালোঁতা সাধু লোকৰ জীবন। অল্প কৰি কওঁ শুনা তাৰ বিবৰণ॥ প্ৰহলাদ দৈত্যেন্দ্ৰ পুত্ৰ [২] সত্যপৰায়ণ। কত কষ্ট ভোগিলন্ত সত্যৰ কাৰণ॥ ​ সত্যনিষ্ঠ যুধিষ্ঠিৰ ধৰ্ম্মৰ নন্দন। সত্যৰ নিমিত্তে তেঁৱো ভ্ৰমিলন্ত বন॥ সত্য হেতু যান বনে লক্ষ্মণ সংহতি। দশৰথ পুত্ৰ ৰামচন্দ্ৰ মহামতি॥ চতুৰ্দ্দশ বৎসৰ ভ্ৰমিয়া বনে বনে। পালন কৰিলে পিতৃ-বাক্য সযতনে। শ্ৰীচৈতন্য, নবদ্বীপে হৈয়া আবিৰ্ভূত। আচৰিলে সত্যধৰ্ম্ম অতি অদভুত॥ ঈশ্বৰৰ গুণামৃতে প্ৰেমিক হইয়া। সংসাৰৰ মায়ামোহ সমস্ত তেজিয়া॥ দেশে দেশে ভিক্ষা করি কাটিলে জীবন। হৃদয়ত ভাবি সদা নিত্য নিৰঞ্জন॥ সত্যপৰ যিশুখ্ৰীষ্ট আছিলে

Page 1 of 1

Public Domain (Wikisource; Wikidata creator death + pub-year check)

Public-domain text, read inside the house. Position stays on this device.

loyalties.space is the house for book authors: letters, the retail desk, and the launch. President Izno writes Netherfiend. Reviews are never bought. Lists are never rented. The house keeps the letters, the library, and the launch desk.

Amber Kumar, Defence Road, Tilpata Karanwas, Greater Noida, Uttar Pradesh 201306, India · hello@loyalties.space

Nothing playing. Choose a book to read or listen.