হৰিশ্চন্দ্ৰ উপাখ্যান - ৱিকিউৎস সমললৈ যাওক মুখ্য মেনু মুখ্য মেনু পাৰ্শ্বদণ্ডলৈ যাওক লুকুৱাওক দিকদৰ্শন বেটুপাত সমাজৰ বাটচ'ৰা কেন্দ্ৰীয় আলোচনা ৱিকিপত্ৰিকা শেহতীয়া সাল-সলনি লেখকৰ তালিকা যিকোনো লেখা যিকোনো লেখক যিকোনো সূচী সহায় প্ৰদৰ্শন বিকল্প সন্ধান কৰক সন্ধান কৰক অৱয়ব দান কৰক একাউণ্ট সৃষ্টি কৰক প্ৰৱেশ ব্যক্তিগত সৰঞ্জাম দান কৰক একাউণ্ট সৃষ্টি কৰক প্ৰৱেশ হৰিশ্চন্দ্ৰ উপাখ্যান ভাষা যোগ কৰক লিংক যোগ কৰক পৃষ্ঠা উৎস আলোচনা অসমীয়া পঢ়ক সম্পাদনা ইতিহাস চাওক সঁজুলিসমূহ সঁজুলি পাৰ্শ্বদণ্ডলৈ যাওক লুকুৱাওক কাৰ্যসমূহ পঢ়ক সম্পাদনা ইতিহাস চাওক সাধাৰণ ইয়ালৈ থকা সংযোগসমূহ প্ৰাসংগিক সালসলনিসমূহ ফাইল আপল’ড স্থায়ী সূত্ৰ (লিংক) পৃষ্ঠাটোৰ বিষয়ে তথ্য এই পৃষ্ঠাৰ উদ্ধৃতি দিয়ক সংক্ষিপ্ত ইউআৰএল প্ৰাপ্ত কৰক মুদ্ৰণ/ৰপ্তানী মুদ্ৰণযোগ্য সংস্কৰণ EPUB ডাউনলোড কৰক MOBI ডাউনলোড কৰক PDF ডাউনলোড কৰক আন ফৰমেট আন প্ৰকল্পসমূহত ৱিকিপিডিয়া ৱিকিতথ্য আইটেম অৱয়ব পাৰ্শ্বদণ্ডলৈ যাওক লুকুৱাওক ডাউনলোড ৱিকিউৎসৰ পৰা ←অজামিল উপাখ্যান হৰিশ্চন্দ্ৰ উপাখ্যান (১৯০৬) লেখক: শংকৰদেৱ কেলিগোপাল→ 823হৰিশ্চন্দ্ৰ উপাখ্যানশংকৰদেৱ১৯০৬ ৺মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰ দেৱৰ ৰচিত অসমীয়া ভাষাৰ হৰিশ্চন্দ্ৰ উপাখ্যান। মদীয়াগ্ৰজ শ্ৰীশ্ৰীযুক্ত ঋষভচন্দ্ৰ অধিকাৰ গোস্বামী মহাত্মাৰ আদেশ অনুযায়ী- শ্ৰীকমলচন্দ্ৰ গোসাঁইৰ দ্বাৰা প্ৰকাশিত লেটুগ্ৰাম সত্ৰ যোৰহাট, ধৰ্ম্ম পুস্তক এণ্ড কোং চিনামৰা পোঃ আঃ। শ্ৰীতীৰ্থনাথ গোসাঁইৰ দ্বাৰা সংশোধিত। প্ৰথম তাঙ্গৰণ। যোৰহাট, দৰ্পণ প্ৰেছত, শ্ৰীটুনিৰাম শৰ্ম্মা দ্বাৰা ছাপা হ'ল। ১৮২৮ শঁক। ⸻ পাতনি। ৺মহাপুৰুষ গুৰু শ্ৰীশ্ৰীশঙ্কৰ দেৱ ৰচিত অসমীয়া ভাষাৰ হৰিশ্চন্দ্ৰ উপাখ্যান পুথি খনি লোপ হোৱাৰ সম্ভব দেখি মদ্ জ্যেষ্ঠ শ্ৰীশ্ৰীযুক্ত ঋষভ চন্দ্ৰ অধিকাৰ গোস্বামীয়ে এই পুথি খনি প্ৰকাশ কৰিবলৈ আজ্ঞা কৰাত, এই পুথি প্ৰবন্ধে বিচাৰ কৰি পুৰণি সাঁচি পতীয়া পুথি এখনি পাই ধল সত্ৰৰ শ্ৰীযুত তীৰ্থনাথ গোস্বামীৰ দ্বাৰা সংশোধিত কৰাই প্ৰকাশ কৰিলো। এই পুথিত মহা ধৰ্ম্মশালী হৰিশ্চন্দ্ৰ ৰাজাই ৰাজসূয় যজ্ঞ কৰি ত্ৰিভুবনত যশস্যা ৰাখে, শেযে বিশ্বামিত্ৰ ঋষিক সৰ্ব্বস্ব দান কৰি ৰাজ্যত্যাগী স্থানান্তৰী হৈ দক্ষিণাৰ অৰ্থে ব্ৰাহ্মণৰ ঘৰত পুত্ত্ৰ ভাৰ্য্যাক বিক্ৰী কৰে। সব শেষত নিজেও চাণ্ডালৰ ঘৰত বিক্ৰী গৈ দাসত্ব স্বৰূপে কাল যাপন কৰি থাকে। বাহ্মণক বিক্ৰী পুত্ত্ৰ সৰ্প দংশনত মৃত্যু হৈ পুনৰ কি স্বৰূপে জীৱন প্ৰাপ্ত হৈ তিনিও জনৰ সদ্গত্তি হয়, তাৰ অত্য়াশ্চাৰ্য্য বিশেষ বৃত্তান্ত ইয়াত সুললিত প্ৰয়াৰ চন্দেলিখা আছে, এই পুথি পাঠে ধৰ্ম্ম গ্ৰাহী সকলে যে চকুপানী নুটুকিব তাৰ কোনো সন্দেহ নাই। হৰিশ্চন্দ্ৰ উপাখ্যান পুথি খনিৰ সমান হৃদয় বিদীৰ্ণ হোৱা পুথি আৰু নাই। মহা ধৰ্মানুৰাগী সকলে এই পুথি পঢ়ি সদকৰ্ম্মৰ ফ’ অতি আবশ্যক। শ্ৰীকমল চন্দ্ৰ গোস্বামী। ৺মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱ ৰচিত অসমীয়া ভাষাৰ হৰিশ্চন্দ্ৰ উপাখ্যান পুথি খনি প্ৰকাশৰ নিমিত্তে লেটুগ্ৰাম সত্ৰৰ শ্ৰীল শ্ৰীযুতঋষভ চন্দ্ৰ অধিকাৰ গোস্বামীয়ে সম্পূৰ্ণ উৎসাহ দি আজ্ঞা কৰাত নিজ ধৰ্ম্ম ও ভাষা হিতৈষী শ্ৰীযুতকমল চন্দ্ৰ গোস্বামীয়ে আমাৰ দ্বাৰা সংশোধিত কৰাই এই পুথি খনি প্ৰকাশ কৰিছে ই অতি সন্তোষৰ বিষয়। আমাৰ আসামৰ এনে পুৰণা পুথিৰ প্ৰায় নাম নুমাব লগাত পৰিল, তাৰ ফালে ভদ্ৰ বা অসমীয়া সকলে পিঠি দি কেৱল বঙ্গভাষাৰ ভাটিয়লীয়া পুথি পঢ়ি হে ভাল পোৱাহে হৈছে, এই হেতুকে এনে একোজন নিজ ধৰ্ম্ম ও ভাষাৰ উন্নতি সাধনৰ লোক নোহোৱা হলে একে বাৰেই সৰ্ব্বনাশ। এই কাৰণে শ্ৰীযুত কমল চন্দ্ৰ গোস্বামীয়ে নিজৰ অৰ্থ ব্যয় কৰি ধৰ্ম্ম সম্বন্ধীয় অন্যান্য পুথি বিলাক প্ৰকাশ কৰাত তেওক সহশ্ৰ ধন্যবাদ নিদি থাকিব নোৱাৰি। ভবিষ্যত প্ৰকাশকৰ এই দৰে উৎসাহ বঢ়াই ধৰ্ম্মানুৰাগী ও ভাষাৰ হিতাকাঙ্ক্ষী মহাত্মা সকলে একো খনি গ্ৰহণ কৰাৰ প্ৰাৰ্থনা হয়। আৰু এই পুথি খনিৰ চানেকি প্ৰবন্ধে বিচাৰি এখনিৰ বাজে অধিক পোৱা নহল পোৱ খনিৰো অৱস্থা বৰ ভাল নাছিল। এই হেতু মহাবিজ্ঞ সদাশয় মাহাত্মা সকলে কোনো ভুল-দেখালে উপকাৰ মানিম। দোষজ্ঞ সকলেদোষ পৰিত্যাগ কৰি গুণ কৰাৰ প্ৰাৰ্থনা। কিমধিকং বিজ্ঞা পয়ামি। শ্ৰীতীৰ্থনাথ সত্ৰাধি পতি গোস্বামী ধ’ল সত্ৰ, যোৰহাট ⸻0:⸻ হৰিশ্চন্দ্ৰ উপাখ্যান। শ্ৰীশ্ৰীকৃষ্ণায় নমো নমঃ। পদ। নমোনাৰায়ণ নিৰঞ্জন জগজীৱ । পুৰাণ পুৰুষ ঋষি কেশ সদাশিৱ ॥ দানৱ দলন দামোদৰ আদি দেৱ । দণ্ডৱতে পৰি কেশৱক কৰো সেৱ ॥ ১ কৃষ্ণ পাদ পদ্ম যুগ হৃদয়ত ধৰি । গুৰুৰ চৰণ মনে শিৰোগত কৰি ॥ মাৰ্কন্দেৱ পুৰাণৰ কথাতে প্ৰধান । পয়াৰে ৰচিবো হৰিশ্চন্দ্ৰ উপাখ্যান ॥ ২ জয় জয় হৰিশ্চন্দ্ৰ নৃপতি তিলক । ৰাজ সূয় যজ্ঞ যজি ত্ৰিদঁশ দেৱক ॥ স্বশৰীৰে স্বৰ্গে গৈলা সমস্ত নগৰে । কৃষ্ণৰ চৰণে পদ ভণিলা শঙ্কৰে ॥ ৩ বিষ্ণু বৈষ্ণৱৰ কথা দুযো সমতুল। শ্ৰৱণ কীৰ্ত্তনে কৰে পাপক নিম্মুল।। চাণ্ডাল পয্য়ন্তে কৰে সবাকে পবিত্ৰ। জানি নিৰন্তৰে শুনা বৈষ্ণৱ চৰিত্ৰ।। ৪ জৈমুনি বদতি শুনা ধৰ্ম্ম [পাক্ষ বগ। কোন কৰ্ম্ম কৰি হৰিশ্চন্দ্ৰ গৈলা স্বৰ্গ।। কি কাৰণে কদৰ্থিলা বিশ্বামিত্ৰ ঋষি। কহিযোক কথা মোত পৰম, হৰিষি॥ ৫ পক্ষিগণ বদতি শুনিযো ঋষিবৰ। পৃথিবীতে সাৰোত্ত্বৰ অযোধ্যা নগৰ॥ সংসাৰত যত গুণ গণ অলঙ্কৃত। সৰ্ব্বক্ষণে যৈত জনাৰ্দ্দন উপস্থিত॥ ৬ নিৰ্ম্মিলা প্ৰবন্ধে বিধি পুৰি বিতোপন। স্বৰ্গতো অধিক সুখী যাৰ প্ৰাজাগণ।। নিধৰ্ম্ম শালী শিষ্ট বৈষ্ণৱ সকলে। ঘৰে ঘৰে প্ৰত্যেকে অচলা লক্ষ্মা জলে।। সেহি নগৰত ভৈলা হৰিশ্চন্দ্ৰ ৰাজা। পুত্ৰতো অধিক দশ গুণে পালে প্ৰজা ।। সন্ত মহন্তক ক্ষমাৱন্ত স্বতাৱন্ত বিষ্ণুৰ ভকত মহাধৰ্ম্ম আচৰন্ত॥ ৮ অস্ত্ৰ শস্ত্ৰ সমস্ত শাস্ত্ৰতো সুশিক্ষিত। বুদ্ধি বৃহস্পতি সম প্ৰতপে আদিত্য।। কন্দৰ্প সদৃশ শোভে সুন্দৰ শৰীৰ। সৰ্ব্বগুণে গুণানীত সাৰ গম্ভীৰ ।। ৯ নাহিকে লোকৰ শোক যাহাৰ ৰাজ্যত। নাহি মাৰি মৰক দুৰ্ভিক্ষ দুখ যত॥ নাহিকে সচল চোৰ ঘোৰ বিঘ্ন ভয়। অকালত নাহি কাৰো মৰণত ভয। ১০ ধৰ্ম্ম পথে থাপিলন্ত পৃথিবী মণ্ডল।। ৰায় বান্দী সম কিছু নাহি বলাবল। মহাসুখে প্ৰজাযেন বৈকুণ্ঠত বাসে।। স্বৰ্গ মৰ্ত্ত্য পাতাল ব্যাপিল যাৰ যশে।। ১১ পৃথিবীৰ ৰাজা গণে যাক বলে নাতে। কৰ দিয়া ৰাজা গণে ভৃত্যৱতে খাটে।। জল সাগৰক লাগি ভৈলা অধিকাৰ। সাতোদ্বীপা পৃথিবীৰ লৱে কৰ ভাৰ।। ১২ হীৰা মৰকত মনি মানিক অপাৰ। পৰ্ব্বত সমান দৌল বান্ধিলা ভাণ্ডাৰ।। সুবৰ্ণ ৰজত যত তাক কোনে লেখে। যেহি ভিতি চক্ষু চাহে ৰত্নময় দেখে।। ১৩ লক্ষ কোটি শকটে শকটে ধন বহে। ধনভৰে তল যাই অযোধ্যা নসহে।। জগতৰ লক্ষ্মী সবে ভৈল এক ঠাই। শ্ৰীমন্ত হৰিশ্চন্দ্ৰ ৰাজা ইন্দ্ৰ প্ৰাই।। ১৪ এক চত্ৰে ভুঞ্জে অকণ্টকা বসুন্ধৰি। শৈব্যানামে ভৈলা তান পৃয়া পটেশ্বৰী। স্ত্ৰীৰত্ন মাজে লেখি গুণৱতী সতী। ৰূপত পাৰ্ব্বতী পতিব্ৰতা পুন্যৱতী॥ ১৫ পতিপ্ৰাণ পতিজ্ঞান পতিকেসে ধ্যান। পতি ব্যতিৰেকে স্বপনতো নাহি আন।। নৃপতিৰ প্ৰাণতো অধিক আতি স্নেহ। যেন গৌৰী শঙ্কৰে অভিন্ন ভৈল দেহ। স্বৰ্গত ক্ৰীড়ন্তে যেন শচী পুৰন্দৰ। লক্ষ্মী সমম্নিতে যেন কেলি কেশৱৰ।। সৈব্যা ভাৰ্য্যা সমে হৰিশ্চন্দ্ৰ মহাৰথ। পুৰিলন্ত নৃপতিৰ সবে মনোৰথ॥ ১৭ ৰোহিতাশ্ব নামে ভৈল তনয় ৰাজাৰ। যেন পূৰ্ণিমাৰ চন্দ্ৰ শিশু সুকুমাৰ।। সৰ্ব্ব সুলক্ষণ একো গুণে নাহি হীন। নিৰন্তৰ আছে নৃপতিৰ যত চিন্ন ।। ১৮ এহিমতে আনন্দতে কতোদিন গৈল যজ্ঞ কৰিবাক নৃপতিৰ মনভৈল।। পুৰোহিত বশিষ্ঠক অনাইলা মতাই। বোলন্ত মিনতি কৰি হৰিশ্চন্দ্ৰ বাই ।। ১৯ তযু আশীৰ্ব্বাদ সুপ্ৰসাদে ভূঞ্জোৰাজ। ইন্দ্ৰতো অধিক দেখো আমাৰ সমাজ।। উপাৰ্জ্জিত ধনৰত্ন যিসে ৰক্ষা হুই। কৰায়োক মোক মহা যজ্ঞ ৰাজসূই ।। ২০ সুবৰ্ণ ৰজত ৰত্ন যত ধন ধান। কৰিয়ো সাম্ফল ব্ৰাহ্মণক দিবো দান।। তোমাৰ প্ৰসাদে যজ্ঞ সিজোক সম্প্ৰতি। ইটো সূৰ্য্য বংশৰ তুমিসে গুৰু গতি ।। ২১ শুনিৰঙ্গে ঋষিৰাজে মাতিলন্ত পাছে। যত লাগে সম্ভাৰ গৃহতে সবে আছে।। ত্ৰৈলোক্য়ত কোন কৰ্ম্ম তোমাৰ অসাধ্য। সত্বৰে অনায়ো বাচি ৰাজা এক লক্ষ ।। ২২ বশিষ্ঠে কহিলা যত যজ্ঞৰ বিধান। হঙ্কাৰে আনিলা ৰাজা লক্ষেক প্ৰমান।। যেন যোগ্য সানি সমুচিতে কৰ দিল। হৰিশ্চন্দ্ৰ মহাৰাজা যজ্ঞ আৰম্ভিল ।।২৩ সমস্ত সম্ভাৰ মিলাইলন্ত মহাৰাজ। অসংখ্যাত ঋষিগণ মিলাইলা সমাজ॥ বশিষ্ঠে মণ্ডল দিয়া আৰম্ভিলা পূজা। ভাৰ্য্যায়ে সহিতে কুশহস্ত ভৈলা ৰাজা॥ ২৪ প্ৰথমে বোলন্ত পূজিয়োক গণপতি॥ ৰাজায়ে বোলন্ত গুৰু কমন যুগুতি। পৰম পুৰুষ হৰি তাঙ্ক এড়ি আগে। কিবা গুণে গণেশক পূজিবাক লাগে॥ ২৫ জগতৰ নাথ সংসাৰৰ আদি মূল। বিষ্ণুক পূজিবো প্ৰথমতে দিয়া ফুল॥ বিষ্ণুত অৰ্পিবো যত পূজা যজ্ঞ দান। বিষ্ণু ব্যতিৰেকে দেৱ নজানোহো আন॥ ২৬ হৰি তুষ্ট ভৈলে তুষ্টে হোৱে চৰাচৰ। হেন বিষ্ণু এড়ি পূজিবোহো লম্বোদৰ॥ কাচক যতনে যেন পৰিহৰি হীৰা। শালগ্ৰাম মাটিত নটিক যেন পীৰা॥ ২৭ বশিষ্ঠ বদতি শুনা নৃপতি প্ৰধান। গণেশক কিসক কৰোহো এতমান॥ পাৰ্ব্বতীৰ পুত্ৰ মত বিঘ্নিৰ ঈশ্বৰ। তাহান ক্ৰোধত কাৰ্য্য হৈব অথান্তৰ॥ ২৮ নৃপতি বোলন্ত গুৰু নুবুলিবা মোক। মাধৱক আৰাধিলে যেন লাগে হোক॥ বিঘ্নিৰ শঙ্কাযে নুপূজিবো হৃষিকেশ। ওকনিক ভযে কোনে মুণ্ডি আছে কেশ॥ ২৯ বশিষ্ঠে লৈলন্ত আনো ঋষিত সম্মতি। গণেশক এডি পূজিলন্ত লক্ষ্মী পতি॥ অনেক নৈবেদ্য বলী বস্তু, উপহাৰে। মাধৱক পূজিলন্ত বিবিধ প্ৰকাৰে॥ ৩০ স্তুতি নতি ভকতি কৰিলা বহু ভাৱে। যাৱত, শকতি পূজিলন্ত কৃষ্ণ পাৱে॥ অনেক আহুতি কৰি বহ্নি বিষজ্জিল। প্ৰণতি পূব্বকে আদিত্যক অঘ দিল॥ ৩১ বশিষ্ঠকো দিলা আনি দক্ষিণা অশেষ। হযহস্তী ৰথ দাস দাসী গ্ৰাম্য দেশ॥ অসংখ্যাত ৰথ ৰথি গাৱে অলঙ্কাৰ। ভণ্ডাৰে ভণ্ডাৰে দিলা সুবৰ্ণ অপাৰ॥ ৩২ আনো ঋষি গণ যত আসন্ত সমজে। ভিন্নে ভিন্নে সবাকো আচ্চলা মহাৰাজে॥ দিলা পুষ্প চন্দন বসন অলঙ্কাৰ। “গাৱে গাৱে সুবৰ্ণৰ একো শত ভাৰ॥ ৩৩ হৰিশ্চন্দ্ৰ নৃপতিৰ ৰাজসূয় শুনি। অযোধ্যাক আসি সবে ভৰিলা ব্ৰাহ্মণী॥ অশেষ সেৱকে দেই ভোজন সম্ভৃত। দধি মধু মোদক ভুঞ্জন্ত পঞ্চামৃত॥ ৩৪ ঋত লাড়ু পৰমান্ন ভুঞ্জি গণ্ড গোল। ঘন ক্ষীৰ খান্তে যেন পেট ভৈল ধোল॥ তথাপি বোলন্ত মোক আৰু কিছু লাগে। উপছি পাত্ৰত থাকে তথাপিতো মাগে॥ ৩৫ কতো পঞ্চামৃত খুজিলন্ত খাইবো বুলি। মুখত নযাই চাই থাকে হাত তুলি॥ বিধিক সুমৰি মৰ্ম্ম কৰন্ত ব্ৰাহ্মণ। এড়িয়ো নোথন্ত যেন কৃপণৰ ধন॥ ৩৬ খাহন্তে খাহন্তে কতো পাইলে গল মান। বস্তু আনি যাচন্ত নেদন্ত সমিধান॥ থিয় দিয়া থাকৈ বান্তি আসিবাক ভবে। যেন মঠ ধৰি যোগী গণে ধ্যান কৰে॥ ৩৭ এহিমতে ভুঞ্জন্তে ব্ৰাহ্মণ লক্ষ কোটি। মনত সন্তোষে পঞ্চামৃত নেই ঘুতি॥ অসংখ্যাত লোকে তাসম্বাৰ ধৰে আল। স্বৰ্গতো লাগিল ব্ৰহ্ম ভোজন ঘঞ্চাল॥ ৩৮ নৃপতি বোলন্ত ঋষি মোৰ বোল কৰা। সমস্ত ভণ্ডাৰ দিলো নিয়া যত পাৰা ৷৷ শুনি দ্বিজগণে ভৈলা পৰম সন্তোষ। ভণ্ডাৰ সোমায়া লগাইলন্ত লুৰি লোস ৷৷৩৯ একৈক ভণ্ডাৰে ৰত্ন লক্ষ কোটি মোন। আথে বেথে দাম কৰি চপাবে ব্ৰাহ্মণ॥ ওপৰত পৰি তাক মোৰ মোৰ বুলি। আপোন ইচ্ছায়ে ওপচান্ত জুলি ৷৷ ৪০ (বান্ধন্ত ভোকোন্দা কতো গুটি সুবৰ্ণৰ। মুকুটা মানিক মনি হীৰা বাখৰৰ ৷৷ বুঝা লৈয়া তথাপি কৰন্ত হাঁই ফুঁই। তাকোনিবে নপাৰিয়া জান্ত কুজা হুই॥ ৪১ মুণ্ডফুটে বুলিয়া পেলান্ত কতো বুঝা। নাকে খৰ উষাশ তানয় হুই কুজা॥ হাবিধি কিনো মোৰ দৰিদ্ৰৰ চিন্ন। ৰাজসূয় যজ্ঞতল গৈল শুজা ঋণ॥ ৪২ ৰথত তুলিলা কতো আঙ্কোৱালী ধৰি। গৃহৰ কৰন্ত বাজ কেঙ্কা জোঙ্কা কৰি॥ তুলি লৈবে নপাৰিয়া লৈযান্ত ঘসাই। শৰীৰৰ বস্ত্ৰ কাঢ়ি ডোলক লগাই ৷৷৪৩ গোটে গোটে পেডা কতো ধৰন্ত সাবতি। আনে ওচৰক যান্তে লাগে হতা হতি॥ দেন্ত উকি পুত্ৰ ভাতৃ বাৰ নাম কাঢ়ি ৷ আলগাই নেন্ত পাছে সাতে পাঞ্চ বেঢ়ি ৷ ৪৪ সুবৰ্ণৰ ঝাৰি খুৰি আছে লক্ষ কোটি। তাক দেখি কতো ব্ৰাহ্মণৰ আতি মুতি ৷৷ জোট কৰি বান্ধে ওপৰৰ বস্ত্ৰ কাঢ়ি। দুই হাতে লৈ যান্ত কান্ধত কতো আৰি ৷৷ ৪৫ তথাপি কৰন্তে যান্তে মনত বিকল। মোৰ কি নভৈল হস্তী গোট মান বল ৷৷ আজি লেযা গেলো হন্তে ভণ্ডাৰ উলাশী ৷ শতেক পুৰুষ সুখে খাইলো হন্তে বসি ৷৷৪৬ কতো দ্বিজগণে কঙ্কালত বস্ত্ৰ কাছি। ৰূপে ওপছাযা মাথে লৈযা যান্ত পাছি ৷৷ আন্দোল কৰিযা চলি যান্ত বোঝা শিৰে। দলদোপ বসুমতি ব্ৰাহ্মণৰ ভীৰে॥ ৪৭ জোতা জোতে আসন্ত দ্বিজ নিৰন্তৰ। চিৰঞ্জীৱ হৌক হৰিশ্চন্দ্ৰ নৃপবৰ ৷৷ যাহাৰ যজ্ঞক ত্ৰৈলোক্যতো নাহি সৰি। অদৰিদ্ৰ তৈল দুখী ভিক্ষী